বনত ফুলা বনৰীয়া ফুল
বনত ফুলা বনৰীয়া ফুল
গোন্ধতে তোৰ বন আমোল মোল৷
বনত বোৱা নিজৰাটিৰ
গান কুল কুল
বনত ফুলা বনৰীয়া ফুল৷
বনৰ দুবৰি খোৱা
বন হৰিণা
মৌ সুৱদি মিঠা মাতৰ বনৰ মইনা---
বনে বনে
মনে মনে
বন মৰমৰ চুমা যাচে
হাতত সাৰে ভৰিত সাৰে
কোনে নাচে কোনে নাচে
সোণসেউজী বনৰ কইনা৷৷