মূল মেনু খোলক

প্ৰথম অঙ্ক

(বাপুৰাম, কচুখোৱা আৰু এটা চিপাহীয়ে কুলী ধৰে) ১ম কুলীঃ (বাপুলৈ চাই) দেউতা ঈশ্বৰ! অলপ কিৰ্পা নকৰিলে আৰু বন্দী নিগমে মৰিলোঁ! মোৰ নো কোন আছে, অকলশৰীয়া মানুহ, দেউতাই দেখিছেই। কালিয়ে সিজনীয়ে ডাঙৰী গোটাচেৰেক দাই থৈ আহিছিল, আজি নচপালে, পথাৰৰ মুঠি পথাৰতে ৰব! আৰু, কানীয়া মানুহ, গাত নো কি বল-শক্তি আছে, দেখিছেই। বাপুঃ (খঙ্গেৰে) কটা, তই মৰ বা তৰ, মই কি কৰিম?