পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাহিত্য-সংগ্ৰহ

__________

আনন্দৰাম বৰুৱা

 যেতিয়া পাষ গোটেইখন পৃথিবী অজ্ঞান-এন্ধাৰৰ ক'লা ঢাকনীয়ে ঢাকি থৈছিল, যেতিয়া প্ৰায় সকলো মানুহে উলঙ্গবেশে পৰ্ব্বত গাঁতত বাস কৰি হাবিৰ পাত, পানীৰ মাছ মাৰু গছৰ ফল মূল খাই জীৱন ধাৰণ কৰিছিল, তেতিয়াও এই পূণ্য-ভূমি ভাৰতবৰ্ষ জ্ঞানৰ পোহৰেৰে ভোটা তৰাৰ দৰে জিলিকি আছিল। জগত যেতিয়া এন্ধাৰ ৰাতিৰ কোলাত অচেতন হৈ টোপনি গৈছিল, ভাৰতে তেতিয়া জ্ঞানৰ ৰ’দ-কাচলি লৈ নানা সজ চৰ্চালৈ আগবাঢ়িছিল। প্ৰায় সকলো দেশ যেতিয়া দিগ্ বিদিক্ নেদেখি খেপিয়াই ফুৰিছিল ভাৰতে তেতিয়া বিজ্ঞানৰ দূৰবীণ লগাই নানা তত্ত্ব উলিয়াব পাৰিছিল। প্ৰথম ধৰম-চৰ্চ্চা হয় ভাৰতত; দৰ্শন শাস্ত্ৰৰ আলোচনা হয় পোন-প্ৰথমে ভাৰতত , ঐশ্বৰিক তত্বৰ বিচাৰ হয় পোন-প্ৰথমে ভাৰতত; ভাৰত বিধতাৰ জ্যেষ্ঠ পুত্ৰ। গণিত আৰু জ্যোতিষ, কাব্য আৰু অলঙ্কাৰ, ছন্দ আক ব্যাকৰণ, বিজ্ঞান আৰু দৰ্শন সকলো বিষয়তে হিন্দুজাতি আন সকলো জাতিতকৈ আগ। যেতিয় হিন্দুৱে ধনুবিদ্যাৰে, আগ্নেয় অস্ত্ৰৰে দেশ বিদেশত দিগ্বিজয় কৰিছিল, তেতিয়া পৃথিৱীৰ কেইটজাতিয়ে জুইৰে ভাত বান্ধি খাব জানিছিল? তেতিয়া কেইটা জাতিয়ে ঘৰ সাজিবলৈ শিকিছিল? যেতিয়া হিন্দুৱে সভ্যতা জখলাত উঠি মধ্যাহ্ন সূৰ্য্যৰ দৰে দীপ্তিমান হৈছিল, তেতিয়া সভ্যজাতি কেইটা আছিল? ব্যাস আৰু বাল্মীকি, কালিদাস আৰু ভৱভূতি এনে কৰি পৃথিৱীত কেই জনা? পৱিত্ৰ আৰ্য্য ঋষিসকলৰ দৰে পৃথিবীত কেই জন মানুহ যোগ আক তত্ত্ববিদ্যাত কৃতকাৰ্য্য হব পাৰিছে? বশিষ্ঠ, জনক, নাৰদৰ দৰে মহাপুৰুষ পৃথিবীত কেই জন? সীতা, সাবিত্ৰী আৰু দময়ন্তীৰ দৰে তিৰুতা জগতত কিমান? ভীষ্ম, দ্ৰোণ, কৰ্ণ, অৰ্জ্জুনৰ নিচিনা বীৰ পৃথিবীত কিমান? শ্ৰীকৃষ্ণৰ নিচিনা ৰাজনৈতিক মহাপুৰুষ ক’ত উপজিছে? বুদ্ধ, চৈতন্য আৰু শঙ্কৰাচাৰ্য্যৰ নিচিনা ধৰ্ম্মবীৰ আন ঠাইত কেই জনা?