এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নামাৰা নামাৰা গোপী কুঙ্কুম ফিচকাৰি।
দেখিলে কৰিব ৰোষ ৰাধা পটেশ্বৰী।৷
বৃন্দাবনৰ মাঝে প্ৰভূ আছিলা লুকাই।
ভালেতো গোপিনী কান্দে বিচাৰি নাপাই॥
যেই বনে বিচাৰিলোঁ সেই বনে নাই।
হাঁয় হৰি বঞ্চিতা কৰিলে বিধতাই॥
বৃন্দাবনে বিচাৰিলোঁ নাই ৰাধাৰ নাথ।
দেখা দিয়া কৃষ্ণ মোক অনাথৰ নাথ।৷
নদীৰ কূলে কি কৰিবে যাইবোঁ বৃন্দাবনে।
দেখা দিয়া কৃষ্ণ মোক দুখানি চৰণে॥

 ডেকাবিলাকে ইটোৱে সিটোৰ গাত, সিটোৱে ইটোৰ গাত ফাকু-গুৰি চটিয়াবলৈ ধৰিলে। লৰাবিলাকে ইটোৱে সিটোৰ মুখত, সিটোৱে ইটোৰ মুখত ফাকু ঘঁহাঘঁহি কৰিবলৈ ধৰিলে। কুঙ্কুম ফিচকাৰি আৰু ফাকুৰ গুৰিৰে আকাশ ৰাঙলি হ'ল; আৰু সেই অপৰিমিত প্ৰজাৰে সৈতে মহাপ্ৰভু “দক্ষিণপথাৰ" পালেগৈ। সিফালে "বাৰাদি” ‘পাটবাউসি’ এই দুই ঠাইৰ পৰাও দৌলৰ গোঁসাই আহি লগ লাগিল। হাজাৰ হাজাৰ মানুহেৰে দক্ষিণ-পথাৰ ভৰি পৰিল। দক্ষিণ পথাৰত ভকত সকলে মহাপ্ৰভুৰ খাটোলাখন মাটিত নমালে। ভকতৰ সৰু সৰু লৰাবিলাকে পথাৰৰ পৰা বিচাৰি বিচাৰি আনি মহাপ্ৰভুক হেকতীয়া মাহ দিলে। (১) হলি খেলা মামুহবিলাকে হলি গাবলৈ ধৰিলে। তিৰুতাবিলাকে ৰঙ-ধেমালি চাবলৈ ধৰিলে। এইদৰে সেই