এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মনোমতী

 এই পুৰুষিনামা আমি শ্ৰীযুত ৰজত নাৰায়ণ বৰুৱাৰ পৰা পাইছোঁ। ইয়াত যদি কিবা ভুল থাকে আশা কৰোঁ আমাক জনাব৷ ঈশ্বৰৰ কৃপাত ৰাইজৰ অনুগ্ৰহত ঘদি কেতিয়াবা এই পুথিৰ দ্বিতীয় সংস্কৰণ কৰিবলৈ পাৰোঁ তেতিয়া শুধৰাম৷ শ্ৰীযুত ৰজত নাৰায়ণৰো অৱস্থা আজি কালি হীন৷ আশা কৰোঁ অচিৰেই ঈশ্বৰ অনুগ্ৰহত তেওঁৰ নিজৰ যত্নত তেওঁৰ পুত্ৰ পৰিয়ালৰ অৱস্থা উন্নত হব৷

 ৫৷ এই দুঘৰ বৰুৱাৰ—পাঠক৷ অকল এই দুঘৰ বৰুৱাইহে যে পৰস্পৰ হিংসাহিংসি কৰিছিল এনে নহয়৷ সেই সময়ত প্ৰায় সকলোবিলাক বৰুৱাফুকনেই আত্মকলহত ৰত হৈ অসমক মৰাণ-মানৰ হাতত জুৰুলা জুপুৰা কৰাইছিল৷ তেতিয়া কিয় আজি কালিও আমাৰ এই নিচলা, খাবলৈ নেপোৱা অসমীয়া ভাইগকলৰ ইটোৱে সিটোক, সিটোৱে ইটোক হিংসা কৰা স্বভাব ফাকি ষোল্ল কলায় আছে৷

একাদশ অধ্যায়

 (১) প্ৰবাদ আছে বিজনীৰ জমিদাৰৰ ঘৰে আৰু বৰনগৰীয়া বৰুৱাৰ ঘৰে বৰ মনোবাদ আছিল৷ সুবিধা পালে বিজনীৰ জমিদাৰৰ মানুহে বৰনগৰীয়া বৰুৱাৰ মানুহৰ ওপৰত দৌৰাত্ম্য কৰিছিল আৰু সেইদৰে বৰনগৰীয়া বৰুৱাৰ মানুহে বিজনীৰ জমিদাৰৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিছিল৷

ত্ৰয়োদশ অধ্যায়

 (১) বঙ্গ প্ৰভৃতি আন আন দেশত কামৰূপৰ বিষয়ে কুসংস্কাৰ আছে যে, কামৰূপত বৰ ভোজবিদ্যা আছে৷ ইয়াৰ মানুহবিলাকে হেনো বৰ যাদু আৰু মন্ত্ৰ জানে৷ কামৰূপলৈ আহিলেই হেনো বঙালী মানুহ ভেঁড়া হয়৷ এই প্ৰবাদ অনুসৰিহে আমি ‘মন্ত্ৰমুগ্ধ মেৰ ছাগ” এই কথাটো লেখিছোঁ।