এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
মনোমতী

এই বিলাকৰ পাছফালে পূবে আৰু এটা গড় দেখি। সেই গড়ৰ ভিতৰত দক্ষিণে এটা সৰু পুখুৰী। সেই পুখুৰীৰ উত্তৰে এটা ওখ দালান। দক্ষিণে এটা দক্ষিণগড়ৰ গাতে লগা দীঘল খেৰী ঘৰ। এই দীঘল খেৰী ঘৰটোৰ ভিতৰত অসংখ্য চৰাই, হাঁহ, পাৰ, তিতৰ, দৰিক ইত্যাদি লেথ জোখ নোহোৱা। উত্তৰৰ দালানটো শুদা। তাত হেনো মাজে মাজে বৰুৱাই তেওঁৰ সহধৰ্ম্মিণীৰে সৈতে জুৰ লবলৈ যায়। গড়টোৰ ভিতৰলৈ সোমাবলৈ উত্তৰ মূৰে এটা আৰু দক্ষিণ মূৰে এটা বাট।

 মাৰলঘৰৰ পচিম দুৱাৰমুখেদি ওলায়ে এখন চোতাল পায়। সেই চোতালৰ পচিমে এশাৰী উত্তৰ-দক্ষিণা ভঁড়াল। সেই ভঁড়ালত হেনো বৰুৱাৰ ধান চাউল আছিল। চোতালৰ উত্তৰে বৰঘৰৰ পচিম মূৰে সেই ঘৰটো দেখি। দক্ষিণে চৰাঘৰটোৰ এডোখৰ দেখি। ভঁড়াল শাৰীৰ পাছত আৰু এশাৰী ঘৰ। সেই ঘৰবিলাকত বৰুৱাৰ বেটী-বন্দী ইত্যাদি আছিল। এই বেটী-বান্দী হঁতৰ ঘৰৰ পচিমে উত্তৰা-দক্ষিণা এটা গড়। সেই গড়ৰ ভিতৰলৈ সোমাবলৈ গড়টোৰ দক্ষিণৰ কোণত এটা দুৱাৰমুখ আৰু উত্তৰৰ কোণত এটা দুৱাৰমুখ। এই গড়টোৰ ভিতৰতো এটা পুখুৰী। সেই পুখুৰীটোৰ উত্তৰ পাৰে এটা দালান। দক্ষিণ পাৰে এটা খেৰী ঘৰ। সেই খেৰী ঘৰটোৰ ভিতৰত ভালেমান পহু। উত্তৰৰ পকাটো শুদা।

 বৰুৱাৰ এই শেষৰ গড়টোৰ ভিতৰত থকা পুখুৰীৰ পাৰৰ দালানটোৰ ভিতৰত বৰপেটাৰ ফাকুৱা হৈ যাবৰ ছয় সাত দিনৰ