এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মনোমতী

 চৰাঘৰৰ পেটেদি পাছফালে একেজোৰামৰা উত্তৰা-দক্ষিণা এটা মাৰলঘৰ। সেই মাৰলঘৰটোৰ পূব পচিম দুয়ো কাষে দুটা দুৱাৰমুখ। উত্তৰ মূৰে মাৰল ঘৰৰ মূধেদি লগাকৈ বৰুৱাৰ বৰ ঘৰ। সেই বৰঘৰটো খেৰী। তাৰ পূব মূৰে এটা পকা দালান। সেই পকা দালানলৈ বৰঘৰৰ ভিতৰেদি এটা বাট; আন কোনোফালেদি বাট নাই। এইটো বৰুৱাৰ ধন-সোণৰ ভঁড়াল। বৰঘৰৰ পচিম মূধেদিও বৰঘৰে সৈতে একেজোৰা লগা আৰু এটা পূবা-পচিমা খেৰী ঘৰ। সেই ঘৰটোৰ উত্তৰ আৰু দক্ষিণ দুয়োফালে দুটা দুৱাৰমুখ। উত্তৰৰ দুৱাৰমুখেদি ওলাই এখন কাঠি পায়। সেই কাঠিত বহি বৰুৱাৰ বাহিৰৰ উত্তৰ গড় দেখি। বৰুৱাৰ বৰঘৰৰ উত্তৰেদিও ভিতৰৰ পৰা ওলাবলৈ এটা দুৱাৰমুখ। সেই দুৱাৰমুখেদি ওলাই এখন কাঠি পায়। সেই কাঠি আৰু বৰঘৰৰ পচিমৰ ঘৰটোৰ কাঠি দুয়ো একে শাৰীতে। পচিমৰ ঘৰটোৰ দক্ষিণ দুৱাৰমুখেদি ওলাই এখন চোতাল পায়। সেই চোতালৰ পূবে মাৰলঘৰ। পচিমে এশাৰী ভঁড়াল।

 বৰুৱাৰ মাৰলঘৰটোৰ পূব আৰু পচিম দুয়ো কাষেদি দুটা দুৱাৰমুখ আছে বুলি কোৱা হৈছে। পূবৰ দুৱাৰমুখটোৱেদি ওলাই এখন চোতাল পায়। সেই চোতালত থিয় হৈয়ে পূবে এটা ৰান্ধনিঘৰ দেখি, উত্তৰে বৰুৱাৰ ধন-সোণৰ ভঁড়াল দেখি আৰু দক্ষিণে চৰাঘৰৰ এডোখৰ, পূবৰ গড়টো আৰু গোঁসাই- ঘৰটো দেখি। গোঁসাইঘৰলৈ ভিতৰৰ ফালৰ পৰা সোমাবলৈ দক্ষিণৰ গড়ৰ মাজেদি এটা বাট। ৰান্ধনিঘৰ, ধন-সোণৰ ভঁড়াল