এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৩
ধীৰে সমীৰে যমুনাতীৰে বসতি বনে বনমালী

হাবিয়ে গৈ থাকোঁতে থাকোঁতে বেলি মাৰ গ’ল৷ ৰাতি হোৱা দেখি মই সেই ঘোৰ অৰণ্যত অকলে পৰি৷ বিবুদ্ধি হলোঁ৷ মোৰ জীৱনৰ আশা নোহোৱা হ’ল৷ মই শেষত একো উপায় নেপাই মৰণকে সাৰোগত কৰি সেই হাবিৰ মাজতে পৰি ৰলোঁ৷ কিন্তু আচৰিত কথা সেই অগাইধ অৰণ্যৰ ভিতৰতো মোৰ একো নহল৷ পিছ দিনা ৰাতিপুৱা মই আকৌ হাবিৰ মাজে মাজে যাবলৈ ধৰিলোঁ৷ ওৰে ৰাতিপুৱাৰ বেলাটো ঘূৰি ঘূৰি অৱশেহত বেলা দুপৰীয়া হাবিৰ মাজত এডাল শিমলু গছৰ তলত বাবাজীক দেখিলোঁ৷ বাবাজীয়ে মোক মৰম কৰি সেই দিনাৰে পৰা তেওঁৰ চেলা কৰি লৈছে৷ এইয়ে মোৰ কাহিনী৷“ হলকান্ত বৰুৱাৰ এই কথাত গোটেইবিলাক মানুহেই তধা খালে৷ তাৰ পিছত বদনে সন্ন্যাসীক আনি ধপাত দিলে৷ সকলোবিলাকেই মানৰ কথাবিলাক উলিয়াই দুখশোক কৰিবলৈ ধৰিলে; এনেতে ভিতৰৰ পৰা এজনী বেটী ছোৱালী লৰি আহি বদল চৌধাৰীক কলে—“দেউতা! ভিতৰুৱা বাটেদি মানুহে- দুনুহে সৈতে দোলাৰে এজনা মাইকী মানুহ আহিছে৷ তেওঁৰ লগতে এটা লৰাও৷” বেটী ছোৱালীজনীৰ এই কথা শুনি বদন চৌধাৰীয়ে সেই মাইকী মানুহজনাক ভিতৰলৈ নিয়াবলৈ কলে আৰু লৰাটোক চৰা ঘৰলৈ মতাই আনিলে৷ সেই লৰাটো চৰা ঘৰ আহি পোৱাত এটাইবিলাকেই সেই লৰাটোৰ ফালে চাবলৈ ধৰিলে৷ অৱশেহত অনাথ চৌধাৰীয়ে লৰাটোক সুধিলে—“বাছা! তই থাক ক’ত? তোৰ নাম কি? তোৰ,