এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
মনোমতী

মনোমতী—“সখি৷ ঈশ্বৰে মোৰ কপালত সুখ লেখা নাই হবলা!” পমীলা-“তোমাৰ কপালতনো সুখ লেখা নাই বুলি কেনেকৈ জানিলা?” মনোমতী—‘জানিবৰ কাৰণ আছে৷”—-পমীলা “ডেকা বৰুৱাই তোমাক কিবা কলেনে কি? ” মনোমতী—“সখি৷ তেওঁ মোৰ চৰিত্ৰত সন্দেহ কৰে৷ মোৰনো তেন্তে আৰু জীয়াই থকাৰ সকাম কি? ” পমীলা —”সখি! তোমাৰ এইটোহে দুখনে? তুমি এই অলপ কথাতেই নিৰাশ হৈছানে? নিৰাশ নহবা৷ ৰোগ চাই ঔষধ আছে৷ চুঙা চাই শোপা আছে৷ ডেকা বৰুৱাৰ মনৰ ভ্ৰম গুচাব পৰা ঔষধ এপালিও মোৰ হাতত আছে, তুমি চিন্তা নকৰিবা৷” পমীলাৰ এই কথাত মনোমতী শান্ত হ’ল৷ তেওঁৰ মুখত আকৌ হাঁহিয়ে দেখা দিলে৷ মনোমতীয়ে পমীলাক টানি নি ডিঙিত সাবট মাৰি ধৰি চুমা এটা খাই কলে—“সখি৷ বাৰু ঈশ্বৰে যদি কৰে তোমাকো এদিন সোৱঁৰাম৷ ”