এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
মনোমতী

কোণৰে পৰা দুটা ইটাৰ গড়। পূব কোণৰ গড়টো পূবৰ বাহিৰ গড়ত লগা আৰু পচিম কোণৰ পৰা যোৱা গড়টো পচিমৰ বাহিৰ গড়ত লগা। চৰাঘৰৰ পূব কোণৰ পৰা যোৱা গড়টোৰ গাতে, বাহিৰ ফালে চৰাঘৰৰ পৰা মুঠেই পাঁচনলৰ মান আঁতৰত পূবে এটা পকা দালান। সেই দালানৰ পূবে গাতে লগা এটা ইটাৰ মঠ। দালানটোলৈ সোমোৱা বাট দুটা। এটা পচিম ফালৰ পৰা; এটা উত্তৰ ফালৰ পৰা। এই উত্তৰ ফালৰ বাটটোৱেদি বৰুৱাৰ পৰিবাৰ আদি গড়ৰ ভিতৰৰ পৰা এই দালানটোলৈ আহিব পাৰে। পচিমৰ দুৱাৰমুখটোৱেদি যেয়ে সেয়ে সোমাব পাৰে। এই দালানটো বৰুৱাৰ গোঁসাইৰ মণিকূট আৰু মঠটো গোঁসাইঘৰ। সেই গোঁসাইঘৰৰ ভিতৰত এজনা কৃষ্ণ মূৰ্ত্তি। এই মঠ আৰু মণিকূট আৰু পুখুৰীৰ মাজেদি গৈ বাহিৰ গড়ৰ পূব দুৱাৰমুখটো পায়। চৰাঘৰৰ পচিম কোণৰ পৰা পচিমলৈ যিটো গড় গৈছে সেই গড়টোত চৰাঘৰৰ ওচৰতে এটা দুৱাৰমুখ আৰু তাৰ পৰা ন দহ নলৰমান গৈ আৰু এটা দুৱাৰমুখ পায়। সেই দুৱাৰমুখৰ অলপ পচিমৰ পৰাই এই গড়ৰ পৰা উত্তৰে উত্তৰ গড়লৈ আৰু এটা উত্তৰা-দক্ষিণা গড় দেখি। পূবা-পচিমা গড়টোৰ এই দ্বিতীয় দুৱাৰ মুখটো এৰায়েই বাহিৰ ফালে এটা দীঘল খেৰী ঘৰ পায়। সেই খেৰী ঘৰটোও গড়ৰ গাতে লগা আৰু পূবা-পচিমা। এইটো বৰুৱাৰ গোহালি ঘৰ। এই গোহালিঘৰ আৰু বাঁওহাতৰ পুখুৰীৰ মাজেদি গৈ বাহিৰ গড়ৰ পচিমৰ দুৱাৰমুখটো পায়।