এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একবিংশ অধ্যায়
এটি সপোন

 কনৰা, জৈনা চাপৰি ইত্যাদি গাৱঁৰ মানুহবিলাক ভাঙি বৰপেটাত গৈ আশ্ৰয় লোৱাৰ পিছদিনা ৰাতি পুৱাই বৰপেটাৰ কেৱলীয়াহাটীৰ দুই চাৰিজনকৈ ভকতে হাত-মুখ ধুই গা-পা তিয়াই তেওঁবিলাকৰ নিত নিয়ম অনুসৰি বৰপেটাৰ কীৰ্ত্তন ঘৰলৈ গ’ল৷ তাত গৈ অলপ বেলি হোৱাত গোটেইবিলাক কেৱলীয়ায়েই কীৰ্ত্তন ঘৰত থুপ খাই ৺শঙ্কৰ দেৱৰ থানৰ চাৰি- উফালে গাইপতি একোডুখৰি কঠ লৈ বহিল৷ সত্ৰীয়াই এখন কঠত খুটা এটাত আওজি বহিল৷ এই দৰে সকলোৰে নিয়ম মতে আসন লোৱা হ’লত প্ৰসঙ্ আৰম্ভ হ’ল৷ তালীয়ে তাল বজালে; চকু বুজি বুজি ভকত সকলে ঈশ্বৰৰ নাম ললে৷ তাৰ পিছত চাপৰি বজাই বজাই নাম গালে৷ এই দৰে প্ৰসঙ্ হোৱাৰ পিছত এজন ভাগতী বাপুৱে ভাগৱত পঢ়িলে৷ তাৰ পিছতে আৰু এজনে গীত৷ পঢ়িলে৷ এই দৰে ভকত সকলে তেওঁবিলাকৰ প্ৰাতঃক্ৰিয়া সমাপন কৰি সকলোৱেই সত্ৰীয়াক মাজত লৈ জুম পাতি ৺মহাপুৰুষ গুৰুৰ মঠৰ আগত বহিলগৈ৷ তাতে ভকত সকলে নানা তৰহৰ মেল পাতিলে৷ দেশৰ ভাল-বেয়াৰ