এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যোগকাগুৰু বৰুৱা পাতিবৰ সময়ত বৰনগৰীয়া বৰুৱাই এই কথা ভাল নেপাই অলপ হকা বধা কৰিছিল। কিন্তু বৰফুকনে সেই কথা নুশুনি যোগকান্তক বৰুৱা পাতে। তাৰে পৰাই এই দুঘৰ বৰুৱাৰ (৬) পৰস্পৰ পেটে পেটে হিংসাহিংসি চলি থাকে। আমাৰ বৰ্ত্তমান কাহিনীৰ হলকান্ত বৰুৱাই এই যোগকান্তৰ পুতেক আৰু হলকান্তৰ পুতেকেই আমাৰ এই কাহিনীৰ নায়ক লক্ষ্মীকান্ত। কীৰ্ত্তনঘৰত দেখা সেই ৰূপহী গাভৰুজনী বৰনগৰীয়া চণ্ডী বৰুৱাৰ ধৰ্ম্মীয়া জীয়েক নাম “মনোমতী”।