এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
মানৰ শেষ কাল

আগত মানে কোম্পানীৰ ৰাজ্যৰ ভিতৰত কৰা উপদ্ৰৱৰ কথা জনালে। কোম্পানীৰ ৰাজ্যৰ ভিতৰত মানৰ উপদ্ৰৱ, এই কথা শুনি ডেভিড্‌চন্‌ চাহাব এইবাৰ মনে মনে থাকিব নোৱাৰিলে। মানৰ অত্যাচাৰবিলাকৰ কথা লিখি ডেভিড্‌চন্‌ চাহাবে ৰংপুৰৰ স্কট চাহাবলৈ চিঠি পঠালে। সেই চিঠিত সহায় খুজি লিখিলে। ডেভিড্‌চন্‌ চাহাবৰ চিঠি পাই স্কট চাহাবে তৎক্ষণাৎ কিছুমান সৈত্য দি ৰিচাৰ্ডচন্‌ আৰু মেকমৰাণ্‌ চাহাবক পঠালে। সিফালে সেই সময়তে শ্ৰীহট্টৰ ফালৰ পৰাও মান খেদিবলৈ কোম্পানী বাহাদুৰৰ আদেশ হ’ল। এইবাৰ বৃটিছৰে আৰু মানৰে ৰণ আৰম্ভ হ’ল। এইবাৰ শুই থকা সিংহ মানৰ ওপৰত গৰ্জ্জি উঠিল।