এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
মনোমতী

সম্ৰাটৰে আৰু পৰীক্ষিতৰে এটা যুঁজ হয়। সেই যুঁজত পৰীক্ষিত সম্পূৰ্ণৰূপে হাৰে। দিল্লীৰ সম্ৰাটে পৰীক্ষিতৰ সমস্ত ৰাজ্যকে কাঢ়ি লয়। পৰীক্ষিতৰ চন্দ্ৰ নাৰায়ণ আৰু বিজিত নাৰায়ণ নামেৰে দুজন কোঁৱৰ থাকে। বিজিত নাৰায়ণে মচলমানৰ বশ্যতা স্বীকাৰ কৰাত দিল্লীৰ সম্ৰাটে তেওঁক সোণকোষৰে পৰা মানাহলৈকে এই ভূখণ্ডত ৰাজ্য পাতিবলৈ দি মিত্ৰ ৰাজ্য কৰি ৰাখে। বৰ্ত্তমান বিজনীৰ জমিদাৰৰ ঘৰ এই বিজিত নাৰায়ণৰে বংশ। বাপেকে সৈতে মচলমানৰ যুঁজ লগাত বলি নাৰায়ণ উজাই পলাই আহে আৰু আহোম ৰজাৰ আশ্ৰয় লয়। আহোম ৰজাই বলি নাৰায়ণক দৰঙ্গত ৰাখি বৰনগৰত এজন কায়স্থক তেওঁলোকৰ প্ৰতিনিধি স্বৰূপে দুৱৰীয়া বৰুৱা পাতে। এই বৰুৱাৰে ঘৰ আজিকালিৰ "বৰুৱা-বাৰি” বোলা ঠাই ডোখৰত আছিল। হাউলিত তেওঁৰ বেটী-বন্দীবিলাক আছিল। এই বৰুৱাৰ বংশৰে আমি যি সময়ৰ কথা লিখিছো সেই সময়ত "চণ্ডীবৰুৱা” (৫) নামেৰে এজন দুৱৰীয়া বৰুৱা এই ঠাই ডোখৰত আছিল। লৰা বজাৰ দিনত ৺গদাধৰ সিংহ গুৱাহাটীত পলাই থকাত গুৱাহাটীৰ বৰফুকনে সৈতে মচলমানৰ আকৌ এটা যুঁজ হয়। সেই যুঁজত লৰা ৰজাৰ অত্যাচাৰত বঙ্গপুৰৰ পৰা ভাগি অহা যোগকান্ত নামেৰে এজন কলিতা ভাল মানুহে ফুকনক সহায় কৰে। মচলমানক জিকি উঠি বৰফুকনে যোগকান্তক আজিকালিৰ "যুগীৰ পাম” বোলা ঠাই ডোখৰৰে পৰা সিফালে হাউলিলৈকে ইফালে বজালিৰ ওচৰলৈকে বৰুৱা পাতি বেটী-বন্দী, মাটি-বৃত্তি দি ৰাখে।