এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শনিয়ে পাইছিল। তেওঁৰ দৈবজ্ঞ সকলে তেওঁক শনিৰ কোপ এৰাবলৈ বাৰ বছৰ নিজৰ ৰাজ্য এৰি প্ৰবাস খাটিবলৈ আৰু সেই প্ৰবাসৰ ভিতৰত যিমান পাৰে সৎকৰ্ম্ম কৰিবলৈ উপদেশ দিয়ে। তেওঁ সেই উপদেশ অনুসাৰে কোচবিহাৰ এৰি আমাৰ কামৰূপত এই নগৰখন থাপি ইয়াতে বাৰ বছৰ থাকে। এই সময়তে তেওঁ বৰপেটাৰ কীৰ্ত্তন ঘৰটো সাজি দিয়ে আৰু ঠায়ে ঠায়ে মঠ-মন্দিৰ কৰাই নিজৰ অক্ষয় কীৰ্ত্তি ৰাখে।

 বাৰ বছৰ প্ৰবাস খাটি নৰনাৰায়ণ মহাৰাজ নিজৰ দেশলৈ গ’ল। আৰু তেওঁৰ সুদিন হোৱাত তেওঁ চাৰিউফালে আন আন দেশবিলাক জয় কৰিবলৈ মন কৰি তেওঁৰ ভায়েক চিলাৰায়ক পঠায়। চিলাৰায়ে অলপ দিনৰ ভিতৰতে কামৰূপ, জৈন্তিয়া ত্ৰিপুৰ, শ্ৰীহট্ট, কাচাৰ ইত্যাদি দেশ জয় কৰে; আৰু কোচ বিহাৰৰ ৰাজ্য ইফালে অসম, সিফালে ত্ৰিপুৰালৈকে বিস্তাৰ কৰে। ইয়াৰ পাছতে নৰনাৰায়ণ ৰজাৰ গৌড়ৰ নবাবে সৈতে যুঁজ লাগে। সেই যুঁজত তেওঁ হাৰে। তেওঁৰ ভায়েক চিলাৰায়ক গৌড়ৰ নবাবে বন্দী কৰি নিয়ে। চিলাৰায় গৌড়ৰ নবাবৰ তাত বন্দী হৈ থাকোতেই নবাবৰ মাকৰ এটা শকত নৰিয়া হয়। চিলাৰায়ে দৰব খুৱাই নবাবৰ মাকক ভাল কৰে। ইয়াতে নবাবে সন্তুষ্ট হৈ তেওঁক এৰি দিয়ে আৰু গঙ্গানদীকে কোচবিহাৰ আৰু গৌড়ৰ সীমা থিৰ কৰে। ইয়াৰ কিছুমান দিনৰ পাছত চিলাৰায় মৰে। চিলাৰায়ৰ ৰঘুৰায় নামেৰে এটি সন্তান থাকে। নৰনাৰায়ণ ৰজা বুঢ়া কাললৈকে নিঃসন্তান আছিল। সেই দেখি তেওঁ ৰঘুৰায়কে