এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডাঙি উৰুৱাই নিয়াৰ দৰে লৈ গৈ বাবি সোমাল। পৰীয়াটোৰ চিয়ঁৰত মানৰ বাহৰত খলক লাগিল। এটাইবিলাক মানেই সষ্টম হৈ ওলাই আহি দেখিলে যে ক’তো একো নাই। কেৱল টেঙ্গুলা পৰি মৰি আছে আৰু বন্দীঘৰৰ ভিতৰত বন্দী দুজনী নাই। মিঙ্গিমাহাই টেঙ্গুলাক বন্দীঘৰৰ ওচৰত পৰি মৰি থকা দেখি কিবা এটা সন্দেহ কৰি পৰীয়া মানটোক বন্দী কৰি থোৱালে।