এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এই হাবিৰ ভিতৰত এটা পুখুৰী আছে। মাজে মাজে ভগা ইটা, ভগা শিল পৰি পৰি আছে। হাতীৰে নহলে আজিকালি ইয়াত সোমোৱা টান। এই ডোখৰ হাবিৰ নাম “বৰুৱাৰ বাৰি।” বৰুৱাৰ বাৰিৰে” পৰা এমাইল মান পচিমলৈকে এডোখৰ বৰ ইকৰাণি হাবি আছে। এই ইকৰাণি হাবি এৰালেই আজিকালি আলিৰ উত্তৰে এটা ডাকবঙ্গলা পোৱা যায়। এই ডাকবঙ্গলাৰ সাত আঁঠ নল আঁতৰতে উত্তৰে "মানাহ” নদী। এই ঠাই ডোখৰৰ নাম “হলা পাকৰি”। “হলা পাকৰিৰ” সমুখতে প্ৰায় আধামাইল বহল এডোখৰ ইকৰাণি হাবি। এই ইকৰাণি হাবিৰ মূৰতে দক্ষিণে এখন বৰ ডাঙ্গৰ ঝাৰণি হাবি আছে। এই ঝাৰণিৰ নাম “নগৰঝাৰ”। “নগৰঝৰৰ” পশ্চিমে “ঘিলাঝাৰ” নামেৰে আৰু এডোখৰ ঝাৰণি আছে। হলা পাকৰিৰ পচিম ফালেও এডোখৰ বৰ ডাঙৰ ইকৰাণি হাবি এৰাই এখান ডাঙৰ ঝাৰণি পোৱা যায়। এইখন ঝাৰণিৰ নাম “বৰবৰিৰ ঝাৰ।” এই তিনিওখন ঝাৰণিৰ ভিতৰতে ভালেমান ফলৱতী গাছ, আলি পদুলিৰ চিন, পুখুৰি ইত্যাদি দেখিবলৈ পোৱা যায়।

 আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়ত এই আটাইবিলাক ঝাৰণিয়েই একো একোখন নগৰ আছিল। ঈশ্বৰৰ ইচ্ছাত সেই সময়ৰ নগৰবিলাক আজিকালি ঝাৰণি হৈছে।

 “নগৰঝাৰ” বুলি যি ডোখৰ ঝাৰণি আছে এই ডোখৰ হেনো কোচবিহাৰৰ নৰনাৰায়ণ ৰজাৰ নগৰ আাছিল। তেৱেঁই এইখন নগৰ থাপনা কৰিছিল।। নৰ-নাৰায়ণ ৰজাক হেনো বাৰ বছৰ