এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
মনোমতী

সুধিলে--“কোন তই?” মানুহটোৱে কলে—“তোৰ যম টেঙ্গুলা।” পৰীয়াটোৱে সুধিলে—আপুনি ইমান নিশা কেলেই আহিল?” টেঙ্গুলা—“তইনো বন্দীহঁতক অকলৈ এৰি সেই পিনে কলৈ গৈছিলি? মই দেখিছোঁ তই কি কৰিছিলি? মই এই কথা এতিয়াই সেনাপতিক কৈ তোক কটা খেদাব। পাৰোঁ৷” টেঙ্গুলাৰ এই কথাত পৰিয়া মানটোৱে থক্‌ থক্‌ কৰে কঁপি কবলৈ ধৰিলে—“ভাই! তোক যি লাগে তাকে দিম; এইবাৰলৈ মোক এৰ।” টেঙ্গুলা—“বাৰু! তোক এৰিব লাগে যদি মোক বন্দীঘৰটোৰ ভিতৰলৈ সোমাবলৈ দে আৰু মই যি কৰোঁ তই কাৰো আগত নকওঁ বুলি ক’।” পৰীয়াটোৱে ক’লে—“সত্যে সত্যে কাৰে আগত নকওঁ। তয়ো মোৰ কথা নকবি। টেঙ্গুলাই “আহ! তোৰ ঘৰৰ ভিতৰলৈ যাওঁ। মদ আছে যদি খাই লওঁ ব’ল।” এই বুলি টেঙ্গুলা আৰু পৰীয়াটো দুইও পৰীয়া ঘৰটোত সোমাল। দুইও একলহ মদ উলিয়াই লৈ খাবলৈ ধৰিলে। মদৰ ৰাগীত টেঙ্গুলাই কলে—“ভাই! আজি তয়ে ময়ে সেনাপতিক বেছকৈ ফাঁকি দিম দে। সি সকলোকে ফাঁকি দি ভাল ভাল গাভৰুবিলাক নিয়ে। মই এজনীক ধৰিম। তই এজনীক ধৰিবি” এই বুলি কৈ দুইও আকৌ মদ খাবলৈ ধৰিলে। মদ খাওঁতে খাওঁতে দুইৰো ইমান ৰাগী বহি গ’ল যে দুইও ঢাল খাই খাই পৰিল। ঈশ্বৰৰ ইচ্ছাত সিহঁতৰ অসৎ অভিপ্ৰায় পূৰ নহ'ল। ৰাতি পুৱাল।