এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অধ্যায়
মিঙ্গিমাহা আৰু পদুমী

 মইনবৰি গাৱঁত মানৰ সেনাপতি মিঙ্গিমাহা যিটো হাউলিত আছিল সেই হাউলিটো ডাঙৰ। তাৰ সমুখতে এখন চোতাল, সেই চোতালৰ দুইওকাষে উত্তৰে আৰু দক্ষিণে দুখন ডাঙৰ বাৰী। হাউলিটোৰ সোঁ মাজতে আঠোটা ঘৰ। আৰু সেই ঘৰ বিলাকৰ পচিমে এখন ডাঙৰ পাছবাৰী। চৰাঘৰটো সমুখতে; উত্তৰা-দক্ষিণ ভাৱে। ঘৰটো দুপুলীয়া। দক্ষিণৰ পুলিটো সমুখে আৰু দক্ষিণে মুকলি। সেই ফালে একাঠু মান ওখ, ওপৰত বাঁহৰ খবুৱা খুউৱা হখন ইকৰাৰ ছুটি বেৰ। উত্তৰ পুলিটো আঁৰ বেৰ দিয়া। দক্ষিণৰ পুলিটোত এখন খাট পতা। চৰাঘৰৰ উত্তৰতে এটা টুপ লগোৱা ঘৰ। সেই ঘৰ পূবা-পচিমা আৰু তাৰ দুৱাৰমুখ ভিতৰ চোতালৰ ফালে। তাৰ ভিতৰত এখন পুথি থাপনা কৰা আছিল। চৰাঘৰৰ পৰা ভিতৰলৈ যাবলৈ দক্ষিণেদি এটা বাট। ভিতৰ চোতালখনৰ দক্ষিণে এটা দীঘল পূবাপচিমা গোহালি। পচিমে গিৰিহঁতৰ এটা উত্তৰা-দক্ষিণা বৰ ঘৰ আৰু উত্তৰে তিনিটা উত্তৰা-দক্ষিণাকৈ শাৰী শাৰী কৈ পতা ভড়াঁল ঘৰ। বৰ ঘৰৰ আৰু গোহালিৰ মাজেদি পাছ বাৰীলৈ যাব পৰা এটা বাট। সেই পাছবাৰীত বৰ ঘৰৰ গাৰে পৰা তামোল পান, নাৰিকল, টেঙ্গা, জৰা, আম, কঁঠাল ইত্যাদিৰ