এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
মনোমতী

লোক যাওঁক। মই সখীক লৈ আহোঁগৈ। আপোনালোকে নাৱত উঠি আৰু বৈ নেথাকিব। নাওঁ জাত কৰি এৰি দিব। সখীলৈকে আৰু মোলৈকে চাৰিজন মানুহে সৈতে এখন নাও এৰিব।” এই কথা কৈয়ে পমীলা ঘৰৰ ভিতৰৰ পৰা ওলাই আৰু লৰ মাৰি সখীয়েকৰ ঘৰলৈ আহিল; এনেতে তেওঁ দেখিলে মানহঁতৰ এজাক প্ৰায় গড়ৰ পূবদুৱাৰমুখৰ ফালে আহিছে। সখীয়েকক চিঞৰ এটা মাৰিয়েই পমীলা দক্ষিণৰ দুৱাৰমুখলৈ গ’ল। আৰু তাত গৈ বৰটোপটোৰ ওচৰত টিঙ্গিৰি আৰু তুলা লৈ থিয় দিলে। মানহঁত দুৱাৰমুখৰ ওচৰ পাওঁ পাওঁ হওঁতেই কৰ্ম্মকুশলা পমীলাই চেগ্ বুজি টিঙ্গিৰি মাৰি বৰটোপত জুই দিলে। তৎক্ষণাৎ দক্ষিণদুৱাৰমুখৰ বৰটোপটো “গুৰুম” কৰি ফুটিল। সেই বৰটোপৰ গুলিত প্ৰায় পাঁচ ছয় শ মান পৰিল। সিফালে কৰ্ম্মকুশল শান্তিৰামেও সময় বুজি পূবদুৱাৰমুখৰ বৰটোপটোত জুই দিলে। সেই বৰটোপৰ কোবতো প্ৰায় পাঁচ ছয় শ মান পৰিল। দক্ষিণ বৰটোপটো মাৰি এটায়েই পমীলা পচিমৰ বৰটোপটোৰ ফালে গ’ল। কিন্তু তেওঁ বৰটোপৰ ওচৰ নৌ পাওঁতেই দহোটা মান দুৱাৰ ভাঙি গড়ৰ ভিতৰত সোমাল আৰু বন্দুলা নামে মান এটাই পোনেই আগতে পমীলাক পাই তেওঁক হাতত ধৰি বান্ধি পেলালে। মুখত শোপা এটা দি তেওঁক বান্ধি ছাতি থলে। পূবৰ মানজাকেও গড়ৰ ভিতৰত সোমাই শান্তিৰাম ভকতক ধৰিলে আৰু বান্ধিছাতি পেলাই থৈ বৰুৱাৰ ঘৰৰ ফালে আহিল। ইফালে হলকান্ত বৰুৱাই আন এজাক মান লৈ চণ্ডীবৰুৱাৰ ঘৰলৈ গ’ল। ঈশ্বৰৰ