এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
মনোমতী

তিলোৱা সসৈত্যে বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফালে আহিবলৈ ধৰিলে। সেই সময়ত ৰূপহী জোনটী ফটফটিয়াকৈ জ্বলিছিল। আকাশখন নিৰ্ম্মল আছিল; ক’তো এফেৰিও মেঘ নাছিল। নীল আকাশত লক্ষ লক্ষ তৰাৰ মাজত ৰূপহী জোনটী জিলিকি তেওঁৰ সুধা ৰশ্মিৰে গোটেইখন জগতকে বুৰাইছিল। ৰূপহী জোনাইৰ ৰশ্মিত প্ৰত্যেক গছ, নদী, বন ইত্যাদি এটাইবিলাকেই ৰূপোৱালী সাজেৰে সুশোভিত হৈছিল। অসভ্য মানহঁতৰ মুকলি তৰোৱালবিলাক সেই পোহৰত চিক্‌মিক্‌ কৰি জ্বলিছিল। এনে সুন্দৰী নিশাটীয়েও আজি চণ্ডী বৰুৱাৰ ভাগ্যচক্ৰৰ ওপৰত ভয়ঙ্কৰী মূৰ্ত্তি ধাৰণ কৰিলে।

 ৰাতি নিজম পৰিল। লাহে লাহে নিশা তিনি পৰ অতীত হ'ল। এহালি ডাউক চৰায়ে পুৱতী নিশাৰ গীত গাবলৈ ধৰিলে। “কোৱা কোৱা-কোৱা-কোৱা” কৰি ডাউক হালিয়ে প্ৰকৃতি দেবীক মধুৰ কৰিলে। নিশ্চিন্ত আৰু নিশঙ্ক মনেৰে চণ্ডী বৰুৱাই নিজৰ ঘৰৰ ভিতৰত ল'ৰা তিৰুতাৰে সৈতে সুখেৰে শুইছিল। অলপ পৰৰ মূৰতেই যে তেওঁৰ সেই মোহনিদ্ৰা চিৰকাললৈকে দূৰ হব এইটো চণ্ডীবৰুৱাই নেজানিলে। মান আৰু হলকান্ত ৰূপী প্ৰৱল ধুমুহা বতাহে যে তেওঁৰ জীৱনৰ নাওখনি বুৰাবলৈ আহিছে এইটো চণ্ডী বৰুৱাই গম নেপালে। আজি চণ্ডী বৰুৱাৰ নাওখন বতাহত ঢৌ খেলোৱাৰ আগেয়ে থিৰ, নিতাল আৰু নিশঙ্ক হৈ ৰ'ল।

 এইদৰে পুৱতী নিশাৰ সময়ত হলকান্ত বৰুৱা মিঙ্গিমাহা