কি হব কেনেকৈ জানিলা?” পমীলা—“মোৰ মনত কিবা এটা উখল-মাখল লাগিছে। যি কি নহওক বিপদৰ আশঙ্কা থাকিলে জাগি শোৱা আৰু বাচি খোৱা জানো উচিত নহয়? সেই দেখি ব’লক গড়ৰ ভিতৰলৈ যাওঁ। আপুনি যাবনে নেযায় কওক।” শান্তিৰাম—“এৰা! তুমি মোক আগেয়েই বান্ধি চাটি লৈছা নহয় এতিয়া তুমি যি কৰিব দিয়া তাকে কৰিবই লাগিব। কিন্তু পমীলা! তুমি বেয়া নোপোৱা যদি মই কথা এটা কওঁ। তুমি মোৰ ইয়ালৈ সঘণে আহি থাকিলে মানুহে মোৰ চৰিত্ৰৰ ওপৰত দোষ দিব। মই হৈছোঁ কেৱলীয়া। সংসাৰত ভালেমান দুখ শোক পাই গৃহস্থী এৰিছোঁ। এতিয়া মানুহে মোক এইদৰে সদায় তোমাৰ লগত লেনাদেনা কৰি থকা দেখিলে ভাল নুবুলিব। কেৱলীয়া হৈয়ো এই সংসাৰত থিয় দিবলৈ ঠাই নেপাম!” পমীলাই শান্তিৰামৰ এইবিলাক কথা শুনি পোনেই অলপ তললৈ মূৰ কৰি তাৰ পাছত। কলে,—“আতৈ! মই অৱশ্যে এইটো ভাল কাম কৰা নাই। বাৰু মই আৰু আজিৰ পৰা আপোনাৰ ওচৰলৈ নাহো। কিন্তু আজি ৰাতি চাই দাঁড়ৰ নিমিত্তে আপোনাক দিগ্দাৰি কৰিম। আমাৰ সকলোৰে বৰুৱাৰ ভালৰ অৰ্থে যত্ন কৰা জানো যুগুত নহয়? কিন্তু আপুনি নেদেখিছে বৰুৱাৰ ভালৰ হকে উপায় কৰা মানুহ কেইটা আছে। গড়ৰ দুৱাৰমুখ তিনিটাত বৰটোপ তিনিটা পাতি থৈয়ে সকলোবিলাক ঘৰাঘৰি শুলে। এনে দুৰ্দিনৰ সময়ত এটা মানুহো এই নিশাটো সজাগে থাকিবলৈ নোলাল। বিপদৰ কালতো জাগি শুবলৈ আৰু বাচি
পৃষ্ঠা:Manomati.pdf/১২৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
মনোমতী