এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এইদৰে যাৰ যি বাব, সি সেইদৰে কৰিছে। কীৰ্ত্তনঘৰৰ পিৰালিয়ে চোতালে প্ৰায় ছয় সাত হাজাৰ প্ৰজা হৈছে। মতাই মাইকীয়ে, ডেকাই গাভৰুৱে,লৰাই ছোৱালীয়ে একো চিন ভিন নোহোৱা হৈছে। প্ৰায় ছয় সাত শ মান দূৰণিবটীয়া ছোৱালী,গাভৰু আৰু বুঢ়ী কীৰ্ত্তনঘৰৰ দুৱাৰমুখত আৰু পিৰালিত থিয় দি আছে। তেওঁবিলাক ৰঙা, বগা, ক’লা, হালধীয়া, সেউজীয়া ইত্যাদি সকলো বিধ কাপোৰেৰেই ৰাঙলী। সকলোৰে গা সোণ ৰূপৰ অলঙ্কাৰে ভৰা। মঠৰ আগত আৰু আন আন ঠাইতো অলেখ অসংখ্য তিৰুতা মানুহ জুমাজুমে আছে। ভাল মানুহৰ ডেকাবিলাকে ফাকুৱাৰ চোহঁতৰ ৰঙ্গ চোৱাৰ লগে লগে ভালবেয়া গাভৰুহঁতকো চকু ফুৰাই চাইছে। গাভৰুহঁতেও ডেকাবিলাকৰ ভাল বেয়া চাইছে। এইদৰে আজি কীৰ্ত্তনঘৰত মহা উৎসৱ মিলিছে।

 কীৰ্ত্তনঘৰৰ পিৰালিত থিয় দি থকা গাভৰুবিলাকৰ ভিতৰত এজনী প্ৰায় চৈধ্য পোন্ধৰ বছৰীয়া বৰ চিকণ গাভৰু আাছিল। তেওঁৰ মুখখান কোমল; চুলিটাৰ দীঘল, মূৰত এটা ডাঙৰ খোপা, কঁকালত কিংখাপৰ মেখেলা। নাকত নাকফুল, কাণত কড়িয়া, আৰু হাতত সোণৰ মুঠিখাৰু। তেওঁক পাছফালৰ পৰা তেওঁতকৈ বয়সিয়াল গাভৰু এজনীয়ে সাবট মাৰি ধৰি আছিল। আটাইবিলাক গাভৰুৰ ভিতৰত তেৱেঁই দেখিবলৈ শুৱনী আছিল। ৰূপহী সমাজত তেৱেঁঁই তৰা জিলিকাদি জিলিকিছিল।

 ভাল মানুহৰ ডেকাবিলাকৰ ভিতৰতো এজন বৰ ধুনীয়া।