এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
ৰাঙ্গধালী পমীলা

এই কথাত বৰুৱানীয়ে কলে—“পমীলা। তোমালোক যোৱাঁ। মোৰ আজি তিনিদিন মানৰ পৰা কি হৈছে কব নোৱাৰোঁ। মোৰ দেখোন ভাত পানী খাবলৈ মন নেযায়। মাছ শাকত দেখোন, গোন্ধ পাওঁ। মোৰ টোপনিও বেছি হৈছে। টোপনিতে দেখোন উচাব খাই খাই উঠোঁ।” পমীলা—“আই দেউতা! ই একো নহয়। জাৰকালটো গৈ জহ আহিছে। এই সময়ত প্ৰায় সকলোৰে এনেকুৱা হয়। নেদেখিছেনে আমাৰ সখীও আজি কেইদিন মানৰ পৰা খাব বব নোৱাৰি শুকাই গৈছে।” বৰুৱানী— “হব পাৰে পমীলা। বাৰু তোমালোক যোৱাঁ। মই শোওঁগৈ।” এই বুলি বৰুৱানী লৰাই ছোৱালীয়ে শোৱা ঘৰলৈ গ’ল। পমীলা আক মনোমতী দুইও ফুলনিৰ ফাললৈ বাট ললে।