এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰ পাছত হলকান্ত বৰুৱাক এবাটি যাচিলে। হলকান্ত বৰুৱাই কলে—“সেনাপতি! তুমি যদি মোক তোমাৰ আচলকৈ সখি বুলি লৈছা তেন্তে তুমি মোক এইবিলাক খাবলৈ দি মোৰ জাতটো নামাৰিবা। মোক মোৰ নিজৰ দস্তুৰ মতে থাকিবলৈ দিবা।” হলকান্তৰ এই কথাত সেনাপতিয়ে মুখৰ ভিতৰতে “অহমীয়া ভূত” বুলি গালি পাৰি মনৰ খঙ মনতে সামৰি হলকান্তক কলে— “বাৰু সখি। তোমাৰ জাত নামাৰোঁ; কিন্তু সদ্যহতে আমাৰ খাবৰ একো নাই। কি দিহা কৰোঁ?” হলকান্তই কলে— “সখি! তুমি মোৰ লগত ৰণুৱা দিয়াঁ, মই সৌ গাওঁখনৰ পৰা যি পাওঁ আনো। হলকান্তৰ এই কথাত মিঙ্গিমাহাই তেওঁক এশ অস্ত্ৰধাৰী মান দিলে। হলকান্ত বৰুৱাই সেই সৈন্য লৈ গৈ গাৱঁত সোমাই গাৱঁলীয়াবিলাকে এৰি থৈ যোৱা ঘৰবিলাকৰ দুৱাৰ-ঘৰ ভাঙি যতে যি পালে লুটি লৈ নাৱলৈ আহিল। তেতিয়া নৈৰ বালিতে মানহঁতে ৰন্ধাবঢ়া কৰি কৰি মদেভাতে খাই ৰাতি যেয়ে যতে পালে ততে নাৱে আৰু নৈৰ বালিয়ে পৰি পৰি ৰ’ল।