এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮]
৮৫
প্ৰহ্ৰাদ-চৰিত্ৰ

জটাৰ দীপিতি দেখন্তে ত্ৰাস।
প্ৰলয় সূৰ্য্য়ৰ যেন প্ৰকাশ॥ ৮৩
ব্ৰহ্মাক চিন্তিয়া আছে মনত
বহি গৈল দিব্য বৰিষ শত॥
ঢাকিল তনু উঁই মাটি তুলি।
শৰীৰৰ মাংস খাইলে সমূলি॥ ৮৪
গাজিল তাক কি বেৰু-ঝাৰ।
তথাপি কটাক্ষ নাহিকে তাৰ।
শিৰৰ বহ্নি বঝায় তপোময়।
তাৰ তাপে ভৈল জগতে ভয়॥ ৮৫
সঘনে ভূমি কম্পে নিৰন্তৰ।
খলকিল জল সাতো সাগৰ॥
সঞ্চাৰে তাৰা গ্ৰহ অসংখ্যাত।
দশোদিশে ভৈল উলুকাপাত॥ ৮৬
হেন দেখি ভৈল ত্ৰিদশে ত্ৰাস।
স্বৰ্গ এড়ি গৈল ব্ৰহ্মাৰ পাশ॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ৮৭


পা ৮৫॥-তপোময়—তমোময় [সধুমাগ্নিস্তপোময়ঃ॥—ভাগৱত ৭।৩।৪
  জল-ত্ৰাসে