এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা


শূলক তুলি গৰ্জ্জে দৈত্যনাথ।
দশন কামুৰি ঝঙ্কাৰে মাথ॥ ৭৯
দানৱগণক মাতে সম্মুধি।
মাৰিবো বৰাহক শূলে বিন্ধি॥
বধিলে আমাৰ ভ্ৰাতৃ কনিষ্ঠ।
দেৱ-ব্ৰাহ্মণৰ চিন্তা অনিষ্ট॥ ৮০
পৃথিৱীক লাগি কৰা গমন।
তপ জপ যজ্ঞ কৰিয়ো ছন্ন॥
বিষ্ণুসে সৱাৰ জানা আশ্ৰয়।
গৰু ব্ৰাহ্মণৰ কৰা প্ৰলয়॥ ৮১
হেনয় আজ্ঞা কৰি দৈত্য-ৰাজ।
ভ্ৰাতৃৰ পাছে কৰি প্ৰেত-কাজ॥
কথায়ে আশ্বাসিয়া বান্ধৱক।
তপক লাগি গৈল মন্দৰক॥ ৮২
আকাশ চাই ঊৰ্দ্ধবাহু হুই।
থাকিলা ভূমিক অঙ্গুষ্ঠে ছুই॥


পা পদ ৮২॥ আশ্বাসিয়া বান্ধৱক-আশ্বাস কৰি দৈত্যক।

আশ্বাস কৰি দিতিক।


[ভ্ৰাতৃপুত্ৰানসাস্তয়ৎ॥ ভাগৱত ৭।২।১৭
দিতিঞ্চ জননীং গিৰা।•••ইদমাহ-ভাগৱত ৭।২।১৯]