পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭৪
[ ঘোষা ৯৯৪
নামঘোষা

পাপ-বিপক্ষক সংহৰি হৰিৰ নামে খলখলি হাসে।
সকলে সুখৰ উপৰে বসিয়া হৰিৰ নাম প্ৰকাশে॥ ১৯৪
মুকুতি-সুখক বশ্য কৰি হৰি-নামে আনন্দত নাচে।
পুৰুষে সহিতে সখিত কৰিয়া চলয় হৰিৰ কাছে।৷ ১৯৫
আপুন নামৰ মহিমা দেখিয়া হৰিৰ আনন্দ চড়ে।
যিটো নাম লয়  হৰি তাৰ হয়
 ই পুনু ৰহস্য বৰে। ১৯৬
হৰি-গুণ-নাম ভাবিয়া পুৰুষে
 ৰহয় হৰিৰ পাশে।
হৰিৰ চৰণ  হৃদয়ে ধৰিয়া
 কহয় মাধৱ দাসে॥ ৯৯৬ক


খেদ

ঘোষা।৷ এ ভাৱক ভাই ভজ ভগৱন্ত ভকতিভাৱে।
 ভগৱন্ত ভজিয়া পৰম গতি পাৱে।৷ ৯৯৭

পদ॥ ভগৱন্ত নভজি চলয় যম-ঠাৱে।
 ভগৱন্ত-ভকতক শমনে নধাৱে।। ৯৯৮
 ভগৱন্ত ভজিয়া জনম বাহুড়াৱে।
 আন যত সৱে মিছা ভক্তিৰ অভাৱে॥৯১৯
 জানিয়া ভজিয়ো ভাই ভগৱন্ত পাৱে।
 এহু ৰস মাধৱ মুৰুখমতি গাৱে॥ ১০০০

॥ কৃষ্ণায় নমঃ।৷