পৃষ্ঠা:Kirtan Ghosha.pdf/৮৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৯৭১
৮৭১
নাম-ছন্দ

ৰাম কৃষ্ণ গোৱিন্দ  ৰাম কৃষ্ণ গোৱিন্দ
  ৰামকৃষ্ণ গোবিন্দ হৰি
বনমালী বাসুদেৱ  পদ্মনাভ জনাৰ্দ্দন
মাধৱ মুকুন্দ মুৰি হৰি ৰাম॥ ১৬৩
মাধৱ মধুৰ-মূৰতি মধুসূদন দনুজ-দমন দুখহাৰী
  পীতাম্বৰৰ শ্যামসুন্দৰ হৰি
জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম॥ ৯৬৪
ৰাম জয় হৰি জয় ৰাম কৃষ্ণ ৰাম হৰি জয়॥৯৬৫
ৰাম কৃষ্ণ যিটো সততে সুমৰে  তাৰ আৰ কাক ভয়
সমস্তে ধৰ্ম্মৰ উপৰে বসিয়া ৰাম-নাম প্ৰকাশয়॥৯৬৬
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তন বিনাই  কৃত্য-শেষ নথাকয়।
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে কৃষ্ণৰ  কৃপাৰ মন্দিৰ হয়।৷ ৯৬৭
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে  স্বভাৱে সংসাৰ সুখে তৰয়।
ৰাম-কৃষ্ণ-নাম-কীৰ্ত্তনে সমস্তে বিঘিনি নাশ কৰয়।৷ ১৬৮
ৰাম-কৃষ্ণ-নাম-ৰসক লভিয়া মুকুতিকো নগণয়।
ৰাম-কৃষ্ণ-নাম পৰম-আনন্দ-সমুদ্ৰ মজি থাকয়।৷ ৯৬৯
ৰাম-কৃষ্ণ নাম-কীৰ্ত্তন-প্ৰসাদে হৰিৰ বল্লভ হয়।
ৰাম-কৃষ্ণ-নাম-কীৰ্তন কৰিয়া হৰিকো বশ্য কৰয়। ৯৭০
নাম হৰি জয় ৰাম হৰি।
গোপাল গোৱিন্দ ৰাম হৰি জয়।৷ ৯৭১


পা ৯৬৩। (ওপৰঞ্চি) ৰাম ফুক গোবিন্দ পৰি।
৯৬৬।৷ (ওপৰঞ্চি) নাম কৃষ্ণ নাম-কীৰ্ত্তন প্ৰাভাৱে সংসাৰ সুখে তৰয়।