পৃষ্ঠা:Kirtan Ghosha.pdf/৮৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৯০০
৮৬৩
নাম-ছন্দ

মোৰে ইষ্ট দেৱ যাদৱৰায়।
সেৱা কৰিবাৰ নামে উপা৷য়।৷ ৮৯০
গোৱিন্দ এ জয় কৃষ্ণ
জগত-জীৱন ৰাম। ৮৯১
সহজানন্দ হৰি স্বৰূপানন্দ।
হৃদয়ানন্দ হৰি পৰমানন্দ॥ ৮৯২
গোপাল গোৱিন্দ ৰাম মাধৱ।
ভকতজনৰ তুমি বান্ধৱ।৷ ৮৯৩
গোপাল গোৱিন্দ গৰুড়-কেতু।
ভকতৰ ধন জীৱন-হেতু।৷ ৮৯৪
ৰাম নিৰঞ্জন নিৰাময়।
জয় জগন্নাথ দায়াময়॥ ৮৯৫
গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম।
পতিত-পাৱন তোমাৰ নাম॥ ৮৯৬
হৰি ৰাম ছিৰীৰাম।
বামন পৰশুৰাম॥ ৮৯৭
মুকুন্দ মুৰাৰি দীন-দায়াশীল হৰি ৰাম॥ ৮৯৮
কমল-লোচন দুখ-মোচন মুৰাৰি ৰাম॥ ৮৯৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
ৰাম নাৰায়ণ  ৰাম কৃষ্ণ ৰাম॥ ৯০০


পা ৮৯০॥ এ--ৰে
৮৯৭।॥ হৰি ৰাম-হলিৰাম।