পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৮৩৪
৮৫৫
প্ৰাৰ্থনা

গোপীনাথ ইবাৰ মোকে নেড়িয়ো।
তযু মায়া-জাল-জঞ্জাল গুচায়া
চৰণে শৰণ দিয়ো॥ ৮২৮
গোপাল গোপাল পালয় কৃপাময়।
তুৱা পাৱে মোৰ মতি-ৰতি যেন নছাড়য়॥৮২৯
ৰাম ৰাঘৱ ৰঘুপতি এ তুমি দেৱ অগতিৰ গতি না হে,
তুৱা পদ-কমলৰ মকৰন্দ-ৰসে ৰতি
কৰিয়া থাকোক মোৰ মতি না হে॥ ৮৩০
জয় জয় যদুপতি এ
তুৱা পাৱে পশিলো শৰণ না এ।
ভাল কথা শুনি আছি মনে লৈলো সাৰ বাছি
 তুৱা নাম পতিতপাৱন না এ॥ ৮৩১
প্ৰাণ-বান্ধৱ মাধৱ এ দায়াশীল দৈৱকীনন্দন না হে
তুমি দেৱ দীন-বন্ধু কেৱল কৰুণাসিন্ধু
কৰো তযু চৰণে বন্দন না হে॥ ৮৩২
মোৰ প্ৰাণ-বন্ধু গোৱিন্দ সেৱক কৰিয়া লৈয়ো।
আন একো কাম নমাগো তোমাৰ
ভৃত্যৰ সঙ্গত থৈয়ো॥ ৮৩৩
চিদানন্দ ৰাম সদানন্দ হৰি।
নিত্যানন্দ কৃষ্ণ মোক লৈয়ো দাস কৰি॥ ৮৩৪


পা* ৮৩২॥ কেৱলে কৰুণাসিন্ধু– (নাই৷ )

৮৩৩॥ (নাই৷)