পৃষ্ঠা:Kirtan Ghosha.pdf/৮৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৮২১
৮৫৩
প্ৰাৰ্থনা

হে হৰি মোৰ মুখে নছাড়োক
হৰি হৰি হৰি হৰি এ
পৰ নিৰ্ম্মল তযু গুণ-নাম-যশ।
কৰা কৃষ্ণ কৃপা মনত মিলোক
হৰি হৰি হৰি হৰি এ
তযু পদ-সেৱা-পৰম-অমিয়া-ৰস। ৮১৬
জয় জয় ৰাম কৰুণা-সাগৰ এ
মোকে নাৰায়ণ ইবাৰ কৰিয়ো দায়া।
অভয় চৰণে শৰণ পশিলো এ
প্ৰভু আমোদৰ দূৰ কৰা মোৰ মায়া॥ ৮১৭
যাদৱ যদু-নন্দন গোৱিন্দ  মুকুন্দ মূৰবিনাশী
অবিদ্যা-সাগৰে মজিলো মাধৱ উদ্ধাৰ কৰিয়ো আসি॥ ৮১৮
জীৱন যাদৱৰায় সেৱাহে তোমাৰ পায়।
ৰাম নেৰিব নফৰদায়।
তুৱা পাৱে ৰতি যিমতে কৰিবো
দিয়োক নাথ উপায়॥ ৮১৯
যাদৱ জয় যদুপতি তোমাৰ চৰণে লাগো।
শ্ৰৱণ-কীৰ্ত্তন নিৰ্ম্মল ভকতি
কাকূতি কৰিয়া মাগো॥ ৮২০


পা* ৮১৯ ॥ নফৰ—নেফৰ৷

৫৫