পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৮০৫
৮৪৯
কাকূতি

মোক নিজ দাস কৰি লৈলে হৰি এ
কহিয়ো কৃপাল তোহ্মাৰ কি হয় হানি॥ ৮০১

পৰম কৃপালু হুয়া যদুপতি এ
কিনো অপৰাধে মোক ভৃত্য পৰিহৰা।
শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ
যিটো নাম লৱে তাকে মোৰ বুলি ধৰা॥ ৮০২

জ্ঞান-শূন্য আতি পশুপক্ষী জাতি এ
তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
আকে জানি হৰি শৰণে পশিলো এ
আমাক তোহ্মাৰ তেজিতে উচিত নয়।৷ ৮০৩

তোমাৰেসে নিজ ভৃত্য ভৈলা হৰি এ
কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী।
মঞি অনাথক নবঞ্চিবা হৰি এ
তযু সেৱা-ৰস আশা কৰিয়াছো আমি।৷ ৮০৪

বেদৰ গুপুত বিত্ত নাৰায়ণ এ
দেৱকীত হন্তে সাক্ষাতে ভৈল বিদিত।
জীৱৰ তৰণ-হেতু নাৰায়ণ এ
প্ৰচাৰিলা নিজ যশ-ধৰ্ম্, বিপৰীত॥ ৮০৫


 পা’ ৮০৫।৷ দেৱকী হন্তে—দেৱকীত।