পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪৬
[ঘোষা ৭৮৩
নাম-ঘোষা

ভকত-বৎসল প্রভু এ ভকত বন্ধু
 ভকত-ৰঞ্জন ভয়হাৰী।
ভকতৰ নিজ গতি তুমিসে মুৰাৰি॥ ৭৮৩
পতিত জনৰ গতি এ জগতপতি
পতিত-পাৱন ভগৱন্ত।
পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত॥ ৭৮৪

 

তাৎপৰ্য্য

কৰুণাময় ৰাম কৰুণাময়।
কৰিয়াে কৃপা যেন উচিত হয়।৷ ৭৮৫
তুমিসে ৰাম কৃপা-ৰসেৰ নিধি।
তােহ্মাৰ কৃপা বিনে নাহিকে সিদ্ধি॥ ৭৮৬
তােহ্মাৰ কৃপাকেসে কৰিছো আশ ।
অৰুণ-পদ-তলে দিয়ােক বাস।৷ ৭৮৭
সহজে তুমি ৰাম কৰুণ-সিন্ধু।
তােমাত বিনে আন নাহিকে বন্ধু॥ ৭৮৮
তােমাৰ কৃপা-লেশে আমাৰ গতি।
কহয় মাধৱ মূৰুখ-মতি।৷ ৭৮৯


 পা ৭৮৩ ৷।ভকত-ৰঞ্জন— ভকতবৎসল।
  ৭৮৫। তাৎপৰ্য্য-(নাই।)