পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৭৮২]
৮৪৫
কাৰুণ্য

গোপীনাথ গোপীনাথ মোৰে কমলাকান্ত
 মোৰ প্ৰভু ৰাম নাৰায়ণ।
অভয় চৰণ পাই পশিলো শৰণ॥ ৭৭৭

অনাদি অনন্ত হৰি এ জীৱন বন্ধু
ৰাম-কৃষ্ণ কথা-সাগৰ।
অনাথৰ নাথ দায়াশীল দামোদৰ॥ ৭৭৮

পৰমপুৰুষ হৰি এ পৰমানন্দ
পৰম-কাৰণ নাৰায়ণ
ভকত-ৰঞ্জন তযু অৰুণ চৰণ।
অনন্ত অচ্যুত সদাশিৱ সনাতন।॥ ৭৭৯

জয়তি জগত গুৰু এ গুণেৰ নিধি
 নিত্য নিৰঞ্জন নিৰাকাৰ
তোহ্মাৰ চৰণে সদা শৰণ আমাৰ॥ ৭৮০

দৈৱকী-নন্দন প্ৰভু এ পৰম গুৰু
 দায়াশীল দেৱ নিৰঞ্জন।
তযু পদ-কমলে মজোক মেৰি মন।৷ ৭৮১

জগত জীবন যদু এ  যাদৱানন্দ
 জগত-কাৰণ যদুপতি।
তুমিসে কেৱলে নিজ ভকতৰ গতি।৷ ৭৮২