পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪২
[ঘোষা ৭৬০
নাম-ঘোষা

মাধৱ মুকুন্দ মুৰাৰি  কি গতি হৈব হামাৰ
মায়াৰ ৰচনা আশা-নদী মাজে।
মজিয়া নপাইলো পাৰ।৷ ৭৬০

মহিমা

ৰামৰ নামেসে অমিয় ঝুৰে
ভকত-জন-মনোৰথ পূৰে।৷ ৭৬১
ভাল ভাৰসা পায় আছি  হৰি কৰুণাময়
  ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ।
ৰাম বুলিতে পাপী তৰে  হৰি কৰুণাময়
  সকল আপদ হোৱে দূৰ॥৭৬২
ভকতসৱে ৰাম-নাম গাৱে।
কাল-মায়া ডৰে তৰতৰাৱে॥ ৭৬৩

কাৰুণ্য

জয় জগজীৱ মোৰে প্ৰাণ
মোৰে প্ৰাণধন বান্ধৱ মুৰাৰি।
শ্ৰৱণে আনন্দে শুনিছো গোৱিন্দ
তুমি দীন-দুখ-হাৰী॥ ৭৬৪
মোৰ জীৱ-ধন পোপীনাথ
প্ৰাণ গোপীনাথ পশিলো শৰণে।
মোৰ প্ৰাণ মন  মজিয়া ৰহোক
  তোমাৰ চৰণে।৷ ৭৬৫