পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩৮
[ঘোষা ৭৪৪
নাম-ঘোষা

নকৰে কীৰ্ত্তন যিটো পামৰ।
সিজন অধীন ভৈল যমৰ॥ ৭৪৪
হৰি-গুণ-নাম নলৱে মুখে।
যমৰ যাতনা ভুঞ্জিবে দুখে॥ ৭৪৫
নকৰে কীৰ্ত্তন হৰি-নামৰ।
কি কার্য্যে মনুষ্য ভৈল পামৰ॥ ৭৪৬
হৰি-কীৰ্ত্তনত নকৰে ৰতি।
পশুতো অধম সিটো কুমতি॥ ৭৪৭
নুফুৰে সদা হৰি-গুণ গায়া।
জানিবা মুহিলে হৰিৰ মায়া॥ ৭৪৮
হৰি-কীৰ্ত্তনত নেদিলে চিত্ত।
সিটো ভাগা-শুন্য ভৈল বঞ্চিত॥ ৭৪৯

আত্ম-নিন্দা

তুমি প্রাণ-প্রিয়তম সুহৃদ দেৱ,
প্রাণ-প্রভু পীতাম্বৰ এ
তুমিসে কেৱলে আত্মা মােৰ।
হৰি হৰি তুমিসে পৰম আত্মা মােৰ।
তােমাক নজানি জড় মিছা শৰীৰক মই
প্রাণ-প্রভু পীতাম্বৰ এ
আত্মা বুলি ভৈলাে সেৱা-চোৰ।
প্রাণ-বন্ধু কিনা মই অজ্ঞানী দুৰ্ঘোৰ হৰি এ॥ ৭৫০