পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩৪
[ঘোষা ৭১৪
নাম-ঘোষা

মহিমা

হৰিত শৰণ লৈয়ো   যিটোজন এ
 হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰে।
দুৰ্ঘোৰ আপাৰ    সংসাৰ-সাগৰ এ
 সিটো মহাজনে আতি মহাসুখে তৰে॥ ৭১৪
ৰাম কৃষ্ণ নাম   কৃষ্ণ বোল ভাই এ
 পৰম যতনে তেজিয়ো যত অন্যায়।
তোমাক মই ভাণ্ডো  তুমি মোক ভাণ্ডা এ
চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায়॥ ৭১৫
ভাৰতবৰিষ ধন্য কলিযুগ,
 হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনা নৰ-তনু অনুপাম।
হৰিত একান্তে শৰণ পশিয়া
 হৰি হৰি হৰি হৰি এ
হৰি হৰি হৰি ধৰ্ম্ম-শিৰোমণি
 ঘুষিয়ো হৰিৰ নাম॥ ৭১৬

আত্ম-উপদেশ

বিচাৰি দেখিয়ো পামৰ মনাই এ
ইহ পৰলোকে হৰিসে সুহৃদ বন্ধু ৰাম ৰাম।
মজিয়া ৰহস সুহৃদ মনাই এ
হৰি-গুণ-নাম অপাৰ আনন্দ-সিন্ধু ৰাম ৰাম॥৭১৭


পা ৭১৭। সুহৃদ—পৰম।