পৃষ্ঠা:Kirtan Ghosha.pdf/৮৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৬৯৭]
৮৩১
ভজন

ভজন

গোপীনাথ গোৱিন্দ ৰাম কৃষ্ণ হৰি।
ভজোহো তোহ্মাৰ পদ-কমলত ধৰি॥ ৬৯১

ভজোহো গোৱিন্দ তোমাৰ পাৱ।
মোক নছাড়িবা সেৱক-দায়।৷ ৬৯২

ৰাম কৃষ্ণ গোপীনাথ গোৱিন্দ।
সেৱোহো তযু পদ-অৰৱিন্দ॥ ৬৯৩

প্ৰণত-পালক দেৱ গোৱিন্দ।
ভজোহো তযু পদ-অৰৱিন্দ।৷ ৬৯৪

মোৰ প্ৰভু নাৰায়ণ এ
হৰি হৰি তোমাৰ চৰণে মনে ভজো।
তোমাক নজানি ভৱসিন্ধু মাজে মজো॥ ৬৯৫

ভুৱন-মোহন ৰাম ভজিলো তোমাৰ পাৱ।
মহা মহা পাপী যাৰ নাম জপি উত্তম পদক পায়॥ ৬৯৬

ৰাম কৃষ্ণ নাৰায়ণ  নিৰঞ্জন নিৰাকাৰ
 নিৰ্ব্বিকাৰ নিৰাময় হৰি।
চিদানন্দ সদানন্দ  পুৰুষ পৰমানন্দ
 ভজো তুৱা চৰণত ধৰি হৰি ৰাম।
 বিভু প্ৰভু অনন্ত দৈত্যাৰি॥ ৬৯৭