পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩০
[ঘোষা ৬৮৪
নাম-ঘোষা

ছন্দ॥ ঘোষা

শৰণ

  যাদৱ যদু-নন্দন, মাধৱ মধুসূদন।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ  তোহ্মাত লৈলো শৰণ।
  ইবাৰ কৰুণাময়    হৰি কমলাপতি
  মোৰে নছাড়িবা নাৰায়ণ।
অৰুণ চৰণ-তলে   হৰি কমলাপতি
  সত্যে সত্যে পশিলো শৰণ॥ ৬৮৪
 হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ।
 মানৱী জনম সাফল কৈলো এ হৰি নাৰায়ণ।৷৬৮৫
 গোপাল গোৱিন্দ যদুনন্দন।
 কৃষ্ণৰ চৰণে লৈলো শৰণ॥ ৬৮৬
 ৰাঘৱৰ অভয় চৰণে।
 সত্যে সত্যে পশিলো শৰণে॥ ৬৮৭
 ৰামৰ চৰণে শৰণ লৈলো।
 মানৱী জনম সাফল কৈলো৬৮৮
 হৰি ও হৰি চৰণে লাগো।
 অভয় চৰণে শৰণ মাগো॥ ৬৮৯
 ৰাম ৰঘুপতি ৰঘুনন্দন।
 তোমাৰ চৰণে লৈলো শৰণ। ৬৯০


পা ৬৯০॥ তোমাক -- মজো।৷--(নাই।)