পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
ঘোষা ৬৮৩
৮২৯
পৰম-পুৰুষাৰ্থ

কৃপা-ৰসে তুষ্ট হুয়া চিত্ত  লােকৰ হিতক চিন্তি নিত   নিজ গুণে তুষ্ট দুয়াে অহঙ্কাৰে হীন।৷ ৬৮১

খেদ

কত মহাদুখে পুণ্য কৰি    অপৱৰ্গ-যােগ্য নৰ-তনু   পায়া পৃথিৱীত বিষয়ত মজি ৰৈল। ইটো খেদ হৰি-সেৱা তেজি   আপুনাক আত্মঘাত কৰি   সিটো মহাপাপী আপুনি বঞ্চিত ভৈল।৷ ৬৮২

পৰম-পুৰুষার্থ

একান্ত ভকত যাৰা হয়   কিছু অর্থ তাৰা নবাঞ্ছয়   মহা অদভুত হৰি-গুণ-নামময়। পৰম মঙ্গল কৃষ্ণ-যশ  যাত পৰে আন নাহি ৰস   পৰম আনন্দ-সমুদ্রে মুজি ৰহয়।৷ ৬৮৩


২। সঙ্গে রায় পুণেৰ মত ভুৱি। পর এ বিষয়ে ভিজতে। weএনে য ন শিনা (?) েিব কৈ গুগল। -বিকা সুনজং