এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৭৩
প্ৰাহ্লাদ-চৰিত্ৰ

উন্নত নাসা সুপ্ৰসন্ন মুখ।
কমল-নেত্ৰক দেখন্তে সুখ॥ ৩২
মকৰ-কুণ্ডলে প্ৰকাশে গণ্ড।
শ্যামল চাৰু চাৰি ভুজ-দণ্ড॥
কৈয়ূৰ কঙ্কণ প্ৰকাশে তাত।
শ্ৰীবৎস মুকুতা-হাৰ হিয়াত॥ ৩৩
পীত বস্ত্ৰে শোভে শ্যামল কায়।
নুগুচে মুখত হাস্য সদায়॥
অমূল্য মেখলা কটিৰ মাজে।
চৰণে ৰত্নৰ নূপুৰ বাজে॥৩৪
কৌস্তুভ মণি শোভে কণ্ঠ মাজে।
দুইপাশে নানা দিব্য যন্ত্ৰ বাজে॥
মিলাৱে সমাধি তাৰ শবদে।
ধৰিছা মূৰ্তি ভকতৰ পদে॥ ৩৫
গৰুড়ৰ স্কন্ধে হস্তক থই।
ফুৰন্ত পদ্ম আউৰ হাতে লই॥
পাৰিষদগণ চলে উপাসি।
আসন্তু বৈকুণ্ঠপুৰ প্ৰকাশি॥ ৩৬
অদ্ভুত মূৰ্ত্তি চাৰি সিকে দেখি।
নাহিকে তৃপিতি চান্ত নিৰীক্ষি॥