এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
[খণ্ড ৮
কীৰ্ত্তন-ঘোষা

তোমাসাক বাধি কৰিলো পাপ৷
মিলোক যিবা দিলা চণ্ড শাপ॥
আপুন কৰ্ম্মে যাওঁ আধোগতি।
প্ৰভুৰ পাৱে নচাড়োক মতি॥ ২৮
তোমাসাত মাগো এতেক বৰ।
এহি বুলি দুয়ো কৰে কাতৰ॥
হেন আথান্তৰ শুনিয়া হৰি।
আসন্ত বজাই অভ্যন্তৰ এৰি॥ ২৯
অনেক পৰিচ্ছদে লক্ষ্মী মাৱে।
পাছত চলি যান্ত ভূমি-পাৱে॥
শুক্ল চামৰে বিঞ্চে দুই কাছে।
উপৰে শ্বেত ছত্ৰ ধৰি আছে॥ ৩০
তাতে চন্দ্ৰকান্তে স্ৰৱে শিশিৰ।
চলি যান্ত হৰি গতি গম্ভীৰ॥
লক্ষ্মীৰ ছটা শ্যাম উৰঃস্থলে।
আপাদ-লম্বী বন-মাল গলে॥ ৩১
গুঞ্জৰে মধুকৰে কৰি যত্ন।
শিৰত কিৰীটি অমূল্য ৰত্ন॥


 পা° ৩০। পৰিচ্ছদে—পৰিচদে, পৰিচ্ছেদে, পাৰিষদে