পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৫৯০ ]
৭৯৯
ঈশ্বৰ-নিৰ্ণয়


নমো নমো নিত্য নিৰঞ্জন  নাৰায়ণ শিৱ সনাতন
 অনাদি অনন্ত নিৰ্গুণ গুণ-নিয়ন্তা।
পৰম পুৰুষ ভগৱন্ত  নাহি পূৰ্ব্বাপৰ আদি অন্ত
 তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা॥ ৫৮৭

ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেবী  কায়-বাক্য-মনে থিৰ কৰি
 পৰম আনন্দে চৰণ সেৱন্ত যাৰ।
সদা জন্ম-জৰা- মৃত্যু-হীন  শ্ৰীমন্ত সুন্দৰ গুণনিধি
 বিষ্ণুত বিনাই কোন দেৱ আছে আৰ॥ ৫৮৮

যাৰ পাদোদকে দেৱী গঙ্গা  যাৰ বাক্যে হুয়া আছে বেদ
 পৰম পতিতো তৰয় যাহাৰ নামে।
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো  পৰম কাৰণ নাৰায়ণ
 হেন ঈশ্বৰক, নভজয় কোন কামে ॥৫৮৯

অপাৰ সংসাৰ সিন্ধু আৰ  বিষ্ণুসে পৰম পাৰ যত
 পাৰ আছে তাতে পৰম্পৰমাত্মা ৰূপে।
তেন্তে তুমি জানা ব্ৰহ্ম-পাৰ পৰ-পাৰ-ভূত যত পাৰ
 তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে॥ ৫৯০


^ ৫৮। একঃ স দেৱো ভয়দুঃখহন্তা পৰঃ পৰেষাং স ততোহস্তি চান্য়ঃ।
 স্ৰষ্টা স পাত্তা স তু চান্তকৰ্তা বিষ্ণুঃ সমস্তাখিলসাৰভূতঃ॥
^ ৫৮৯। তুক যৰ্থিশ্ৰুতিঃ শ্ৰতিপুটে শমলং পুনাতি পাদাৱনেজনক্সলঞ্চ ৱচশ্চ শাস্ত্ৰং।
 ভুকালভৰ্জিতভশাপি বদপিন্সস্পৰ্শেীথশক্তিৰৱৰ্ষতি নোহখিলাখ।
^ ৫৯। পাৰঃ পৰো বিষ্ণুৰপাৰপাৰঃ পাৰঃ পৰঃ পৰমান্সপী।
 স ব্ৰক্ষপাৰঃ পৰপাৰস্তুতঃ পাৰঃ পাৰণামপি পৰপাৰঃ।