পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৫৮০
৭৯৭
তাৎপৰ্য্য


গোপাল গোৱিন্দ ৰাম কৃষ্ণ নাৰায়ণ।
কমল-লোচন হৰি পতিত-পাৱন॥ ৫৭১
ৰাম নাৰায়ণ হৰি ৰাম নাৰায়ণ।
ৰাম কৃষ্ণ নিৰঞ্জন শিৱ সনাতন॥ ৫৭২
গোপাল গোপীনাথ গোৱিন্দ মাধৱ।
জীৱেৰ জীৱন যদু-নন্দন যাদৱ॥ ৫৭৩

তাৎপৰ্য্য


বৈকুণ্ঠৰ কল্পতৰু ভাগৱত-শাস্ত্ৰ।
ইহাৰ উত্তম ফল হৰি-নাম মাত্ৰ॥ ৫৭৪
হৰি-নামে হৰি-নামে হৰিনামে গতি।
হৰি-নামে ভকতৰ কেৱলে ভকতি॥ ৫৭৫
কৃষ্ণ-পাদ-পদ্ম দুই মোৰ নিজ গতি।
হৰি-নাম বিনে আন নজানো ভকতি॥ ৫৭৬
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ সাৰ।
ৰাম কৃষ্ণ বিনে ঝুন্টা আৱৰ বিচাৰ। ৫৭৭
শ্ৰীৰাম-নাম ভকতৰ বিত্ত সাৰ।
সংসাৰ-সাগৰে ৰাম-নামে দুৰ্গ পাৰ॥ ৫৭৮
হৰি-নাম-কীৰ্ত্তনেমে পৰম মঙ্গল।
পাৱয় পৰমানন্দ গুচে কৰ্ম্ম-মল॥ ৫৭৯
ব্ৰহ্মা হৰো ভজন্তু হৰিৰ দুই পাৱে।
মুকুতসকলো সদা হৰি-গুণ গাৱে॥ ৫৮০