পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৪
[ঘোষা ৫৪৫
নাম-ঘোষা

কমনে ভজিবো হৰি চৰণ তোহ্মাৰ।
দুৰ্ঘোৰ মায়ায়ে মন মুহিলে আহ্মাৰ।৷ ৫৪৫
ৰাম বুলি তৰিবো দঢ়াই আছে মন।
তুমি হৰি দীনবন্ধু পতিত-পাৱন॥ ৫৪৬
পতিত-পাৱন ৰাম-কৃষ্ণ কৃপা-সিন্ধু।
আমি পতিতক নছাড়িবা দীনবন্ধু।৷ ৫৪৭
হে হৰি মোৰে প্ৰাণ জীৱন মুৰাৰি।
অনাথৰ নাথ ভকতৰ ভয়হাৰী॥ ৫৪৮

প্ৰশংসা

শ্ৰীৰাম-নামত ৰতি মিলিল যাহাৰ।
সিসি ভাগ্যৱন্তে পাৱে সংসাৰৰ পাৰ॥ ৫৪৯
হৰি-গুণ ভকতৰ কৰ্ণৰ ভূষণ।
যিটো সদা বোলে ৰাম সিসি মহাজন।৷ ৫৫০
নিত্যানন্দময় ৰাম ভকতৰ ধন।
হৰি বিনে আন ধন সৱে অকাৰণ॥ ৫৫১
সংসাৰত নাহি ধৰ্ম্ম হৰি-নাম-সম।
যিটো সদা বোলে ৰাম সিসি নৰোত্তম॥ ৫৫২
আন ধৰ্ম্ম নাহি হৰি-নামক উপাম।
হৰিৰ বল্লভ যিটো সদা বোলে ৰাম৷ ৫৫৩


পা ৫৪৮॥ হে- হা৷