পৃষ্ঠা:Kirtan Ghosha.pdf/৮০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

7 মাম-খোকা { ঘােষা ৪৯ হৰি-পাৰে শুদ্ধভাৱে যিজনে ভজয় । হৰি-নাম লৈয়া সুখে দুর্গতি তৰয় ৪৯০ মানৱী জনম পাই হৰি নজিলা। অৱশ্যে হৈবাহ ভাই তৃণ তক শিলা ॥ ৪৯১ হৰি-কীৰ্তনক যিটোজনে হেলা কৰে। আপুনাকে আপুনি বঞ্চিলে সিটো নৰে৷ ৪৯২ মনুষ্য-শৰীৰ পাই কৃষ্ণক নভজে। এহিমানে দোষে খােৰ সংসাৰত মজে ॥ ৪৯৩ মৃত্যুৰ মুখত পৰি নভজে হৰিক। সিটো অধমৰ জীৱনত ধিক ধিক। ৪৯৪ হৰি-পদে নভজে শাস্ত্ৰৰ সাৰ বুজি। বেঙ্কামুৱা যমদূতে তাক ফুৰে খুজি ॥ ৪৯৫ নৰ-ত পায়া হৰি নভজে যি নৰে। সংসাৰৰ অনন্ত যােনিত ভ্রমি মৰে । ৪৯৬ মনুষ্য শৰীৰ পাই হৰি নভজিল। দুৰ্ঘোৰ সংসাৰে সিটো চিত নিমজিল ॥ ৪৯৭ কলিযুগে হৰি-নাম নকৰে কীৰ্ত্তন। আপুনাক আপুনি বঞ্চিলে সিটোজন ॥ ৪৯৮ ৪৯৭-৯৮। দেৱমিমং লন্ধ। লােকজিতেন্দ্রিয়। যে নাত্রিয়েত ত্বংপাদে সশ্যে যাত্মক। পা ৯৩। কৃষ্ণক-বিষ্ণুক। নংসাৰত—সকত।