পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাম-ঘােষা [ ঘেৰা ৪১৭ লৈয়াে হৰি-নাম সাতে-পাঞ্চে হুয়া সাজু। আপুন-হুৰে পলাইবেক কাল-মায়া বাৰু ৪ ৪১৭ চেতন লভিয়া ভাই ভজিয়ে হৰিক। আন পৰিহৰি হুয়াে ভকতিৰসিক। ৪১৮ লৈয়াে হৰি-নাম-গুণ বিঘিনি-বিহীন। আনন্দে ভাবিয়ে ৰাম কিবা ৰাত্রি দিন। ৪১৯ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বােল ভাই মুখে। ৰাম কৃষ্ণ সুমৰি বসিয়া থাক সুখে । ৪২০ ৰাম কৃষ্ণ হৰি বােল তেজি ভয় লাজ। হৈবন্তু বেকৃত হৰি হৃদয়ৰ মাজ। ৪২১ যিটো ৰাম কৃষ্ণ হৰি বােলয় সৰ্বধা। তাৰ সঙ্গ তেজি হৰি যাইব আৰ কথা । ৪২২ ৰাম কৃষ্ণ বােল ভাই ৰাম কৃষ্ণ বােল। কোটি কোটি ব্রহ্মাণ্ডে নামৰ নােহে মােল। ৪২৩ ৰাম কৃষ্ণ ভাবিতে ছুটয় কাল-পাশ। সদা ৰাম কৃষ্ণ বােল তেজিয়া আলাস। ৪২৪ হৰি-গুণ-পদ-সেৱা-খাণ্ডা ডাটি ধৰা। মন-বৈৰী কাঢ়ি সুখে ভৱ-নদী তৰা৷ ৪২৫ ৰাম কৃষ্ণ নিৰঞ্জন নিৰঞ্জন হৰি। সদ ৰাম কৃষ্ণ বুলি যায়াে ভৱ তৰি। ৪২৬ ৪২। মেন বীর্বপেক্ষাধ্যেধিমপ্রম। ওৰোইৰেশৰণোপাসনাল্লাহি ৱালীক স্বয়মাসুমােব। -গৱ-৭, ১১.১৭