পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৭০ ]
৭৬৯
প্ৰশংসা


হৰিক বান্ধৱ বুলিয়া যিজনে
 কৰয় হৰি-কীৰ্ত্তন।
সমন্তে শাস্ত্ৰৰ তত্ত্বক জানিলে
 জানা সিসি মহাজন॥ ৩৬৬

যেৱে হৰি-পদে শৰণ পশিয়া
 হৰি-নাম লৱে মুখে।
হৰিৰ প্ৰসাদ পাৱয় সিজনে
 মায়াকো তৰয় সুখে॥ ৩৬৭

ধন্য কলি-যুগ ধন্য ৰাম-নাম
 ধন্য় ধন্য় নৰ-কায়া।
ভাগ্যহীনজনো জপি ৰাম-নাম
 তৰয় দুস্তৰ মায়া॥ ৩৬৮

কলিৰ লোকৰ ভাগ্যৰ মহিমা
 কোনে কহি পাৱে পাৰ।
হৰি গুণ-নাম কলিৰ স্বধৰ্ম্ম
 সমস্তে শাস্ত্ৰৰে সাৰ॥ ৩৬৯

হৰি-কথা-ৰস নিৰ্ম্মল অমৃত
 যিটোজনে পান কৰে।
সংসাৰ-মধ্য়ত সিসি জনে মাত্ৰ
 সাফল জীৱন ধৰে॥ ৩৭০