পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬৮
[ঘোষা ৩৬২
নাম-ঘোষা


দৈৱকী-নন্দন ৰাম নাৰায়ণ
 জগত-কাৰণ ৰাম।
সৰ্ব্ব-দেৱ-শিৰো- মণি নাৰায়ণ
 সমস্তে সুখৰে ধাম॥ ৩৬২
নিৰাকাৰ নিৰা- ময় নৰোত্তম
 নাৰায়ণ নিৰঞ্জন।
মুকুন্দ মুৰাৰি ভয়-ভয়হাৰী
 ভকত-জন-ৰঞ্জন॥ ৩৬৩
মাধৱৰ নাম বৎস-প্ৰায় ভৈল
 ভক্তে তাঙ্ক লৈয়া যান্ত।
বেদৰ ঈশ্বৰ হৰি ধেনু যেন
 তাৰ পাছে পাছে ধান্ত॥ ৩৬৪

প্ৰশংসা

তাৰাসৱে পূজ্য তাৰাসৱে ধন্য
 তাৰাসে সুহৃদ জন।
কলি-যুগে হৰি আনকো বোলাৱে
 আপুনো কৰে কীৰ্ত্তন॥ ৩৬৫


৩৬৪॥ ৱাসুদেৱ ৱাসুদেৱ ৱাসুদেৱেতি যো ৱদেং।
 ৱংসং গৌৰিৱ ধাৱন্তমনুধাৱন্তি পৃষ্ঠতঃ॥
৩৬৫॥ তেহপি পুজ্য়ান্তেহপি ধন্য়ান্ত এৱ সুহৃদো জনাঃ।
 শ্মৰন্তঃ স্মাৰয়ন্তো যে হৰেৰ্নাম কলৌ যুগে॥

—মংস্য়-পুৰাণ (ভক্তি-ৰত্নাকৰ ২১,২২)


পা ৩৬২॥সুখৰে - গুণৰ।